ক’ভিডৰ সাম্ভাব্য তৃতীয় ঢৌৱে সৰ্বাধিক ভাৱে আক্ৰমণ কৰিব শিশু আৰু কিশোৰসকলক।সেয়ে ১৮ বছৰৰ অনুৰ্ধসকলক প্ৰতিষেধক প্ৰদান কৰাটো চৰকাৰৰ বাবেও এতিয়া মূল লক্ষ্য হৈ পৰিছে।ইয়াৰেই প্ৰস্তুতি হিচাপে মঙলবাৰৰে পৰা নতুন দিল্লীৰ এইমছত ক’ভিড ভেকচিন ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে ৬–১২ বছৰীয়াৰ দেহত৷
এইমছৰ সূত্ৰ অনুসৰি দেশত এয়াই প্রথমবাৰৰ বাবে ৬ বছৰৰ ঊর্ধ্বৰ শিশুৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণ কৰা হৈছে। পৰৱর্তী সময়ত ২–৬ বছৰীয়া শিশুৰ দেহতো ভাৰত বায়’টেকৰ এই ভেকচিনবিধৰ পৰীক্ষণ কৰা হ’ব৷
উল্লেখ্য যে ইতিমধ্যেই তিনিটা বয়সৰ গ্রুপ অর্থাৎ ১২–১৮ বছৰীয়া, ৬–১২ বছৰীয়া আৰু ২–৬ বছৰীয়াৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণৰ অনুমতি লাভ কৰিছে ভাৰত বায়’টেকে।