আজি ভাৰতত ক’ৰোনা প্ৰতিষেধক ক’ভাক্সিনৰ তৃতীয় ড’জৰ পৰীক্ষা আৰম্ভ কৰা হ’ল।
ভাৰত বায়’টেকে ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ সহযোগত তৈয়াৰ কৰা ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক ক’ভাক্সিনৰ তৃতীয় ড’জৰ পৰীক্ষা আৰম্ভ কৰা হ’ল।
ক’ভাক্সিনৰ তৃতীয় ড’জক বুষ্টাৰ বুলি কৈছে ভাৰত বায়’টেকে।
ইয়াৰ জৰিয়তে মানুহৰ শৰীৰত ক’ৰোনাৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা দীৰ্ঘদিনলৈ থাকিব নে নাথাকে তাক পৰীক্ষা কৰা হ’ব।
আজি চেন্নাইৰ ৭জন লোকৰ দেহত এই ক’ভাক্সিন প্ৰতিষেধকৰ তৃতীয় ড’জ দিয়া হয়।
চেন্নাইস্থিত এছ আৰ এন চিকিৎসা মহাবিদ্যালয়ত এই প্ৰতিষেধক প্ৰদান কৰা হয়।
Photo Credit: Google