সমগ্ৰ ৰাজ্যতে ক’ৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা কাজিৰঙাকে ধৰি সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য বন্ধ ঘোষণা কৰা হৈছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পি শিৱকুমাৰে ক’ৰোনাৰ সময়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন হৈ আছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ পৰা বন্যপ্ৰাণী সমূহলৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
লগতে সঞ্চালক জনে জানিবলৈ দিছে যে ক’ৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে জাৰি কৰা এক নিৰ্দেশনা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ সকলো ৰাষ্ট্রীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।
পৰৱৰ্তী নিৰ্দেশনা গ্ৰহণ নকৰালৈকে এই নিৰ্দেশনা বাহাল থাকিব বুলি জনাইছে সঞ্চালক জনে।
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ পৰ্যটন নিবাসৰ কৰ্মচাৰীৰ দেহলৈ সংক্ৰমিত হৈছে।
বৰ্তমানলৈ কাজিৰঙাত ২২ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে।
Photo Credit : Google