বিগত কেইদিনমানত দেশৰ ৰাজধানী নতুন দিল্লীৰ এন চি আৰ অঞ্চলৰ প্ৰায় ১০০ টা স্কুলীয়া শিশু ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈছে । এপ্ৰিলত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পৰা গৌতম বুদ্ধ নগৰত প্ৰায় ৫৯গৰাকী আৰু গাজিয়াবাদৰ ২২ খন বিদ্যালয়ৰ ৩২ গৰাকী শিক্ষাৰ্থী ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
দিল্লীৰ কেইবাখনো বিদ্যালয়ত ক’ভিড-১৯ ৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷ শিশুসকলৰ উপৰিও শিক্ষক সকলো আক্ৰান্ত হৈছে ক’ভিডত । দিল্লী আৰু নয়ডাৰ স্বাস্থ্য বিভাগে বিদ্যালয়সমূহক ক’ভিড প্ৰট’কল কঠোৰভাৱে অনুসৰণ কৰিবলৈ আৰু ক’ভিড হেল্প ডেস্ক স্থাপন কৰিবলৈ নিৰ্দেশ দিছে ।
শিশুৰ ক্ষেত্ৰত দেখা দিয়া ক’ৰণাৰ সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে সামান্য কাঁহ, চৰ্দি, জ্বৰ আৰু মূৰৰ বিষ । কিছুমান ক্ষেত্ৰত অৱশ্যে ডায়েৰীয়া আৰু ভাগৰ অনুভৱ কৰা আদি লক্ষণবোৰো দেখা দিব পাৰে । ডাঃ স্মিতা মালহোত্ৰাই কৈছিল যে,এতিয়ালৈকে শিশুসকলৰ মাজত নিউমোনিয়াৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই ।
ইফালে ২,১৮৩ টা ক’ভিড-১৯ ৰ নতুন সংক্ৰমণৰ সৈতে ভাৰতত বিগত ২৪ ঘণ্টাত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৯০ শতাংশলৈ বৃদ্ধি পাইছে ৷দ্বাৰকাৰ আকাশ হেলথ কেয়াৰৰ পেডিয়াট্ৰিক্স এণ্ড নিওনেট’লজীৰ পৰামৰ্শদাতা ডাঃ মীনা জেয়ে কয় যে, আক্ৰান্তৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য কৰিলে শীঘ্ৰে ইয়াক ক’ভিড-১৯ ৰ চতুৰ্থটো ঢৌ বুলিব পৰা যাব ৷বিগত দুবছৰত শিশুৰ ক্ষেত্ৰত ক’ভিড আক্ৰান্তৰ হাৰ যথেষ্ট কম আছিল ৷ কিন্তু যোৱা বছৰ নৱেম্বৰৰ শেষৰফালে আৰম্ভ হোৱা অ’মিক্ৰণৰ ঢৌৱে শিশুৰ মাজত সংক্ৰমণ বৃদ্ধি কৰিছিল ।