দিল্লীত ক’ৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
অক্সিজেনৰ নাটনিৰ বাবে মৃত্যুক সাৱটিছে বহু লোকে।
ক’ৰোনা মহামাৰীৰ এই সংকটজনক পৰিস্থিতি ৰোধ তথা অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
আজি এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে এক মাহৰ ভিতৰত দিল্লীত ৪৪টা নতুন অক্সিজেন উৎপাদন প্ৰকল্প স্থাপন কৰা হ’ব।
দিল্লীৰ বিভিন্ন হাস্পতাল সমূহত স্থাপন কৰা হ’ব এই অক্সিজেন প্ৰকল্প।
৮ টা অক্সিজেন প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব ৩০ এপ্ৰিলৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব।
ইয়াৰ উপৰিও ২১ টা অক্সিজেন প্ৰকল্প ফ্ৰাঞ্চৰ পৰা অনা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
Photo Credit:Google