দেশত দ্ৰুত গতিত বৃদ্ধি হোৱা ক’ৰোনা মহামাৰীৰ সৈতে যুজঁ দিবলৈ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল আমেৰিকাই।
আজি পুৱা আমেৰিকাৰ পৰা ভাৰতলৈ আহিল ক’ৰোনা মহামাৰীৰ বাবে প্ৰয়োজনীয় জৰুৰীকালীন সামগ্ৰী।
এই জৰুৰীকালীন সামগ্ৰী সমূহ লৈ পুৱাই দিল্লী বিমানবন্দৰত অৱতৰণ কৰে এখন সেনা বিমানে।
প্ৰাৰম্ভিক পৰ্যায়ত চুপাৰ গেলেক্সি মিলিটেৰী বিমানখনে আমেৰিকাৰ পৰা ভাৰতলৈ কঢ়িয়াই আনিছে অক্সিজেন চিলিণ্ডাৰ ,ক’ৰোনা ভাইৰাছ ৰেপিড টেষ্ট কিট,ইত্যাদি।
জানিব পৰা অনুসৰি এই বীমানৰ আমেৰিকাই ভাৰতলৈ ৪০০টা অক্সিজেন চিলিণ্ডাৰ, প্ৰায় ১০ লাখ ক’ৰোনা ভাইৰাছ ৰেপিড টেষ্ট কিট আৰু হাস্পতালত প্ৰয়োজন হোৱা জৰুৰীকালীন সামগ্ৰী ।
Photo Credit:Google