ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট পাইছেগৈ।
মাউণ্ট এভাৰেষ্টৰ শিবিৰত থকা নৰৱে’ৰ এজন পৰ্বতাৰোহী ক’ৰোনা আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।
আক্ৰান্ত পৰ্বতাৰোহীজনক হেলিকপ্টাৰেৰে কাঠমাণ্ডুৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছে।
শুকুৰবাৰে পৰ্বতাৰোহী আৰ্লেণ্ড নেছে ক’লে যে, তেওঁ ১৫ এপ্ৰিলত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ পাইছিল।
ইয়াৰ পিছত বৃহস্পতিবাৰে পৰীক্ষা কৰোৱাত তেওঁৰ ৰিপৰ্ট নিগেটিভ আহে।
বৰ্তমান তেওঁ নেপালত এটি স্থানীয় পৰিয়ালৰ সৈতে বাস কৰি আছে।
নেছৰ সাক্ষাৎকাৰ লোৱা নৰৱে’ৰ সম্প্ৰচাৰকজনে কৈছিল যে, তেওঁৰ দলৰ শ্বেৰ্পাও সংক্ৰমিত হোৱা দেখা গৈছিল।
তেওঁ কৈছিল ‘মই আশা কৰো যে পৰ্বতৰ উচ্চতাত আন কাৰো সংক্ৰমণ নহওক।
যেতিয়া পৰ্বতাৰোহীসকল ৮,০০০ মিটাৰতকৈও অধিক উচ্চতাত থাকে তেতিয়া তেওঁলোকক হেলিকপ্টাৰেৰে উলিয়াই অনা অসম্ভৱ হৈ পৰে।’
ইফালে, নেপালৰ পৰ্যটন বিভাগৰ মুখপাত্ৰ মীৰা আচাৰ্যই কয় যে, তেওঁলোকে এতিয়ালৈকে কোনো পৰ্বতাৰোহীত কোভিড-১৯ত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰা নাই।
তেখেতে কয়,
“এজন ব্যক্তিক ১৫ এপ্ৰিলত স্থানান্তৰ কৰা হৈছিল, কিন্তু আমাক জনোৱা হৈছিল যে তেওঁ নিউমোনিয়াৰ সৈতে যুঁজি আছে আৰু তেওঁৰ আইছ’লেচনত চিকিৎসা অব্যাহত আছে।
Photo: Google