অসমত কভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১ নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে কভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা বাতিল কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা কালি বিশ্ব পৰ্যটন দিৱস উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে।
আনহাতে, উক্ত অনুষ্ঠানতে ক’ভিড -১৯ পৰিস্থিতিৰ বাবে অৰ্থনৈতিক ভাৱে ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ১৪২ গৰাকী ট্যুৰ অপাৰেইটৰলৈ ২ লাখকৈ টকা আৰু ৬০৫ গৰাকী ট্যুৰ গাইডলৈ ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।