আগন্তুক ২ মে’ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
ইফালে ৰাজ্য সমূহত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগণনাৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰী সকলৰ ৭২ ঘণ্টা আগতে ক’ৰোনা পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে।
পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলেহে ভোটগণনা কেন্দ্ৰলৈ যাব পাৰিব বিষয়া কৰ্মচাৰী সকলে।
লগতে নিৰ্বাচনী আয়োগে জানিবলৈ দিছে যে এইবাৰ বিধানসভা ভোট গণনা কেন্দ্ৰত টেবুলৰ সংখ্যা হ্ৰাস কৰা হ’ব।
এইবাৰ ভোটগণনা টেবুল হ্ৰাস হোৱাৰ বাবে পূৰ্বৰ তুলনাত অধিক সময়ৰ প্ৰয়োজন হ’ব ভোটগণনাত।
নিৰ্বাচনী আয়োগে জনাই যে প্রতিটো ভোটগণনা কেন্দ্ৰতে বিশেষ স্বাস্থ্য সেৱাৰ ব্যৱস্থা থাকিব লাগিব।
কোনো লোকে হঠাৎ অসুস্থ হৈ পৰিলে ততাতৈয়াকৈ হাস্পতাল নিয়াৰ বাবে প্ৰতিটো ভোটগণনা কেন্দ্ৰতে একোখনকৈ এম্বুলেন্স থাকিব লাগিব।
ক’ৰোনা সম্বন্ধীয় সকলো নীতি নিৰ্দেশনা পালন কৰিব লাগিব প্ৰতিটো ভোটগণনা কেন্দ্ৰই।
কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ সুকলমে ভোটগণনা সম্পূৰ্ণ হৈ তাৰ প্ৰতি বিশেষ প্ৰস্তুতি চলাইছে ভাৰতীয় নিৰ্বাচনী আয়োগে।
Photo Credit :Google