অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাৰ দ্বিতীয় ঢৌৱে।
ক’ৰোনা আক্ৰান্ত হৈ দৈনিক মৃত্যু হৈছে বহু লোকৰ।
আজি মৰিগাঁও জিলাত মৃত্যু হয় প্ৰথমজন ক’ৰোনা আক্ৰান্ত ৰোগী।
মৃত লোকজন মৰিগাঁৱৰ ভেদআটী গৰমাৰী গাঁওৰ অনুপম বৰদলৈ বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত খবৰ অনুসৰি বিগত ২৬ এপ্ৰিলত শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট কষ্ট পোৱাত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ আইচলেচন ৱাৰ্ডত ভৰ্তি কৰা হৈছিল অনুপম বৰদলৈ নামৰ লোকজনক।
কিন্তু কালি নিশা প্ৰায় ২ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে অনুপম বৰদলৈয়ে।
জানিব পৰা অনুসৰি বৰ্তমানলৈ মৰিগাঁৱত ৪৪৮ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
Photo Credit: Headline8