ক’ৰোনা মহামাৰীৰ লগত যুজঁ দিবলৈ ভাৰতক বিভিন্ন দেশে সহায়ৰ হাত আগবঢ়াইছে।
কালি ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে ফ্ৰাঞ্চৰ পৰা ভাৰতলৈ আহিল বিভিন্ন চিকিৎসা সামগ্ৰী।
ফ্ৰাঞ্চৰ পৰা বিমানযোগে ২৮ টন চিকিৎসা সামগ্ৰী নতুন দিল্লী আহি পায়।
আনহাতে কালি জাৰ্মানীৰ পৰা ১২০ টা ভেন্টিলেটৰ ভাৰতলৈ পঠিওৱা হয়।
জানিব পৰা অনুসৰি আগন্তুক দিনত জাৰ্মানীয়ে ভাৰতলৈ এটা মোবাইল অক্সিজেন প্লাণ্ট প্ৰেৰণ কৰিব ।
লগতে জাৰ্মানীয়ে ভাৰতক ৰেমডেছিভিৰ প্ৰতিষেধক প্ৰদান কৰিব ।
ইয়াৰ উপৰিও পুনৰ আমেৰিকাৰ পৰা এহেজাৰৰ অধিক অক্সিজেন ছিলিণ্ডাৰ,ঔষধ আৰু আন প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ভাৰতলৈ প্ৰদান কৰে।ইয়াৰ জৰিয়তে ভাৰতে যথেষ্ঠ সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।
Photo Credit : Google