ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড ১৯ত আক্ৰান্তৰ সংখ্যা। বুধবাৰে ৰাজ্যখনৰ ৭৩ জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।
উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৯৫৪ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৬৫ শতাংশ। ৰাজ্যখনত সম্প্ৰতি এক্টিভ কেছ হৈছে ৩৯৫। বুধবাৰে ক’ভিড আক্ৰান্ত সকলৰ ৫৭ জন কামৰূপ মহানগৰ জিলাৰ, ৯ জন কামৰূপ গ্ৰাম্যৰ হোৱাৰ বিপৰীতে গোৱালপাৰা জিলাৰ দুজন, হোজাই, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু কাছাৰ জিলাৰ এজনকৈ লোক আক্ৰান্ত হয়।