আই আই টি গুৱাহাটীত প্ৰায় অৰ্দ্ধ শতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। আক্রান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী। বৰ্তমান বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰি দিয়া হৈছে শিক্ষাপ্রতিষ্ঠানখনত। আই আই টি চৌহদৰ ভিতৰতে নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ। আনহাতে শিক্ষাৰ্থীৰ উপৰিও আই আই টিৰ বহুকেইজন বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।