ক’ৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে।
ইয়াক বাধাৰোপ কৰিবলৈ সকলো উপায় ব্যৰ্থ হৈছে। কি কাৰণে ক’ৰোনা মহামাৰী বিয়পিছে? সকলো চিন্তিত।
এতিয়া যিটো কাৰণ পোহৰলৈ আহিছে, সেয়া যথেষ্ট ভয়ানক।
দৰাচলতে, এক নতুন অধ্যয়ন অনুসৰি ক’ৰোনা ভাইৰাছ বতাহৰ জৰিয়তে বিয়পিছে।
ইয়াৰ সন্মুখত পূৰ্বৰ কাৰণসমূহ এতিয়া সাধাৰণ হৈ পৰিছে, বিশেষকৈ ড্ৰপলেটৰ থিয়ৰী।
লেনচেটত প্ৰকাশ পালে ৰিপৰ্ট
ক’ৰোনা সংক্ৰমণৰ বাবে দায়ী ভাইৰাছ SARS-COV-2ৰ বিয়পোৱাক লৈ হোৱা গৱেষণাৰ ৰিপৰ্ট মেডিকেল জৰ্নল লেনচেটত প্ৰকাশ পালে।
য’ত দাবী কৰা হৈছে যে, ক’ৰোনা ভাইৰাছ বতাহৰ বাবে বিয়পে, যাৰ বাবে ইয়াৰ পৰা ৰক্ষা পোৱা আৰু ইয়াক ৰোধ কৰাৰ সকলো প্ৰক্ৰিয়া বিফল হৈছে।
ব্ৰিটেইন, আমেৰিকা আৰু কানাডাৰ ৬টা বিশেষজ্ঞৰ দল এই তদন্তত অন্তৰ্ভুক্ত আছিল আৰু এওঁলোকে প্ৰমাণ সংগ্ৰহ কৰিছে।
ইয়াৰে CIRESৰ কেমিষ্ট José Luis Jiménezয়ো অন্তৰ্ভুক্ত।
এই গৱেষণাৰ নেতৃত্ব বহন কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ট্ৰিছ গ্ৰীণহালে।
চৰকাৰী মন্তব্য
José Luis Jiménezয়ে ক’লে যে বতাহৰ জৰিয়তে সংক্ৰমণ হোৱাৰ প্ৰমাণ যথেষ্ট শক্তিশালী।
Photo: Google