ৰাজ্যত বৃহস্পতিবাৰে পুনৰ নতুনকৈ ১,০১৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৯ গৰাকী লোকৰ ৷ ইয়াৰ লগতে ৰাজ্যত ক‘ৰণাত আক্ৰান্তৰ সংখ্যা ৭,১৯,৯৩৯ গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৬,৫৮১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান সক্ৰিয় হৈ আছে ১৩,৭৮৬ গৰাকী লোক ৷
বৃহস্পতিবাৰে কামৰূপ মহানগৰীত সৰ্বাধিক ২৩৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি ৷ ইয়াৰ পাছতেই ক্ৰমে লখিমপুৰত ৬০ গৰাকী, কামৰূপ গ্ৰাম্যত ৫৭ গৰাকী আৰু বৰপেটাত ৪৬ গৰাকী লোক আক্ৰান্ত হয় ক’ভিডত ৷ আনহাতে, কাছাৰ, দৰং, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ, নলবাৰীত ২ গৰাকীকৈ আৰু বৰপেটা, বিশ্বনাথ, যোৰহাট, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, মৰিগাঁৱত ১ গৰাকীকৈ লোকৰ মৃত্যু হয় ক’ভিডত ৷
ৰাজ্যত বৰ্তমানলৈকে ২,৭৯,৫১,৯৮৭ গৰাকী লোকৰ ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে ৷ ইয়াৰে ৭,১৯,৯৩৯ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড ১৯ ৰ অৱস্থিতি ৷ ৰাজ্যত সম্প্ৰতি আৰোগ্য লোকৰ হাৰ হৈছে ৯৬.৯৯% ৷ আনহাতে, বৰ্তমানলৈ ৪,১৬,২১,৫৮৪ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷