সমগ্ৰ অসমতে দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ প্ৰকোপ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ।
মহানগৰৰ স্কুল সমূহত শিক্ষক আৰু অন্যান্য কৰ্মচাৰীক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্যৰে আয়োজন কৰিছে টীকাকৰণ শিবিৰৰ।
আজিৰে পৰা মহানগৰীৰ ৪টা ঠাইত এই শিবিৰ আয়োজন কৰা হৈছে।
হাতীগাঁও হাইস্কুল, কামৰূপ একাডেমী মাধ্যমিক বিদ্যালয়, নতুন ফটাশীল উচ্চ বিদ্যালয় আৰু পাণ্ডু আদৰ্শ উচ্চ বিদ্যালয়ত হৈছে এই টীকাকৰণ শিবিৰ।
পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী।
মহানগৰীৰ সকলো চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ ৪৫ বছৰৰ ঊৰ্ধৰ সকলো শিক্ষক তথা কৰ্মচাৰীকে প্ৰদান কৰা হব প্ৰতিষেধক।
Photo Credit: Headline 8