অৱশেষত ৰাজ্য সমূহৰ বাবে কমাই দিয়া হ’ল কভিশ্বিল্ডৰ মূল্য।
ক’ৰোনাৰ প্ৰতিষেধক কভিশ্বিল্ডৰ উৎপাদনকাৰী কোম্পানী ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই আজি ৰাজ্যসমূহৰ বাবে পূৰ্বনিৰ্ধাৰিত মূল্য কৰ্তন কৰে।
পূৰ্বতে ৰাজ্য সমূহৰ বাবে প্ৰতিটো কভিশ্বিল্ডৰ ড’জৰ বাবে মূল্য ৪০০ টকা নিৰ্ধাৰণ কৰা হৈছিল।
কিন্তু এতিয়া এই কোম্পানীটোৱে কভিশ্বিল্ডৰ প্ৰতিষেধক ৰাজ্য সমূহক প্ৰতিটো ড’জ ৩০০ টকাকৈ বিক্ৰী কৰিব বুলি জানিবলৈ দিছে।
লগতে জনাইছে যে ব্যক্তিগত চিকিৎসালয় সমূহক কভিশ্বিল্ডৰ প্ৰতিষেধক ৬০০ টকাত বিক্ৰী কৰা হ’ব।
প্ৰথমতে কোম্পানীটোৱে কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে কভিশ্বিল্ডৰ প্ৰতিষেধকৰ বেলেগ বেলেগ মূল্য নিৰ্ধাৰণ কৰিছিল।
তাৰ পিছতে ৰাজ্য চৰকাৰ সমূহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
ফলস্বৰূপে অৱশেষত ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই কভিশ্বিল্ড প্ৰতিষেধকৰ মূল্য কৰ্তন কৰে।
Photo Credit: Google