আজি সদনত গৃহীত হ’ল বহু বিতৰ্কিত গো-সুৰক্ষা সংশোধনী আইন৷ শেহতীয়াকৈ ৰাজ্যত গো-হত্যা আৰু গৰুৰ অবৈধ সৰবৰাহৰ ঘটনাক লৈ যথেষ্ট আলোচনা হৈছিল৷ সংবাদ শিৰোনাম দখল কৰিছিল অবৈধ গৰুৰ সৰবৰাহৰ ঘটনাই৷ আৰক্ষীৰ চকুৰ সন্মুখেৰেই অবৈধ গৰু সৰবৰাহ কৰিছিল বাংলাদেশলৈ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ পৰিছিল গো-সুৰক্ষাৰ ওপৰত৷ অৱশেষত বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহীত হয় আইনখন৷
প্ৰকৃততে গো-হত্যা ৰোধ কৰাৰ লগতে বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে এই আইন গৃহীত কৰা হৈছে। আনহাতে ম’হৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয়।
অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি লাভ কৰাৰ উপৰিও জব্দকৃত বাহন নিলাম কৰিব পাৰিব অসম আৰক্ষীয়ে।
দুগ্ধ উৎপাদনৰ ওপৰতো বিশেষ গুৰুত্ব পাইছে এই আইনত। শেহতীয়াকৈ সদনত প্ৰকাশ কৰা তথ্য অনুসৰি, গৰু সৰবৰাহ সম্পৰ্কত ৪০৬টা গোচৰ ৰুজু হৈছে সমগ্ৰ অসমত৷ তাৰে প্ৰায় ২৪০জনক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমানলৈ ৰাজ্যত অবৈধভাৱে গো-সৰবৰাহ কৰি জব্দ কৰা হৈছে মুঠ ৬৮খন বাহন৷ তাৰ বিপৰীতে উদ্ধাৰ হৈছে ২০০৪টা গৰু৷ এই আইনৰ ফলত নেচনেল ডায়েৰী ডেভেলপমেণ্টৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য গ্ৰহণ কৰিছে চৰকাৰে।