সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ উত্তৰ পূৱ মণ্ডলৰ অধীনৰ আন্তঃ বেটেলিয়ান ভলীবল প্ৰতিযোগিতা আজিৰে পৰা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত CRPFৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যালয় চৌহদত আৰম্ভ হৈছে। ১৫ মাৰ্চত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত উত্তৰ পূৱ মণ্ডলৰ অধীনৰ মুঠ ১৩ টা বেটেলিয়ানৰ ৯৮ গৰাকী খেলুৱৈয়ে ভাগ লৈছে।
প্রতিযোগিতাত CRPFৰ গুৱাহাটী আৰু শিলচৰ গ্ৰুপ চেন্টাৰৰ উপৰিও ১০, ৪৮ , ৬৭ , ১২০ ,১২৮ , ১২৯ ,১৩৬ ,১৪৭ ,১৫২ ,১৫৬ আৰু ১৭৫ বেটেলিয়ানৰ দলে ভাগ লৈছে। আজি প্ৰতিযোগিতাখন উদ্ধোধন কৰে ১৭৫ বেটেলিয়ানৰ চেকেণ্ড – ইন – কমাণ্ড মুন্না সিঙে। অনুষ্ঠানত CRPFৰ ১৭৫ বেটেলিয়ানৰ ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱ, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ দীপ্তি কুমাৰ বুৰ্লে , সহকাৰী কমাডেণ্টদ্বয় জয় প্ৰকাশ কুমাৰ আৰু ৰাজীৱ ৰঞ্জন সিঙকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।