চিৰসেউজ কন্ঠশিল্পী দ্বীপেন বৰুৱাক অকলশৰীয়া কৰি অচিনা দেশলৈ গুচি গ’ল পত্নী চৈয়দা জ্যোৎস্না ৰহমানে। ৩৩ বছৰীয়া প্ৰেম সফল কৰি ২০০৯ চনত দ্বীপেন বৰুৱাৰ সৈতে বিবাহত বহিছিল চৈয়দা জ্যোৎস্না ৰহমানে। চিনেমাৰ কাহিনীতকৈ কোনোগুনেই কম নাছিল দ্বীপেন বৰুৱা আৰু চৈয়দা জ্যোৎস্না ৰহমানৰ প্ৰেম কাহিনী।
শুকুৰবাৰে নিশা নিয়তিৰ হাতত পৰাজয় বৰণ কৰি মৃত্য়ুক সাৱটি লয় বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে। মৃত্য়ুৰ সময়ত জ্যোৎস্না ৰহমানৰ বয়স আছিল ৬১ বছৰ। ১৯৭৬ চনত নিৰ্মান কৰা ‘তৰামাই’ ছবিৰ শ্বুটিঙৰ সময়ত তেওঁ লগ পাইছিল চৈয়দা জ্যোৎস্না ৰহমানক আৰু তাৰপিছতে আৰম্ভ হৈছিল তেওঁলোকৰ প্ৰেম।
সুদীৰ্ঘ ৩৩ টাকৈ বছৰ অপেক্ষাৰ অন্তত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। বিবাহৰ সময়ত প্ৰেমিকা চৈয়দা জ্যোৎস্না ৰহমানৰ বয়স হৈছিল ৫৯ বছৰ আৰু দ্বীপেন বৰুৱাৰ বয়স আছিল ৬৪ বছৰ। ১১ বছৰীয়া সাংসাৰিক জীৱন অন্ত পেলাই প্ৰেয়সীয়ে অকলশৰীয়া কৰি এৰি থৈ গ’ল দ্বীপেন বৰুৱাক।