ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অহা ২৫ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ ৰবিবাৰে ধাৰাপুৰ বিহুতলীত লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয়। ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ অন্যতম সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাসে আঁত ধৰে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বন্তি প্ৰজ্বলন কৰি লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰে ধাৰাপুৰ তালুক কমিটিৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সত্য ভৰালীয়ে। লাইখুঁটা স্থাপন কৰি ধাৰাপুৰ তালুক কমিটিৰ সভাপতি সত্য ভৰালীয়ে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান যাতে শান্তি-শৃংখলা অটুট ৰাখি সুচাৰুভাৱে সম্পন্ন হয় তাৰবাবে বিহু সন্মিলনীৰ সমূহ কাৰ্যকৰ্তাক নিজৰ নিজৰ দায়িত্ব সমূহ নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়।
লাইখুঁটা স্থাপন কাৰ্যসূচীত ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতি অশোক ঠাকুৰীয়া, কাৰ্যকৰী সভাপতি তপন দাস আৰু শৰৎ কাকতি, উপ-সভাপতি অতুল মেধি, ফজুল হক, ধাৰাপুৰ তালুক আৰু ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন সভাপতি ধনেশ্বৰ কলিতা প্ৰমুখ্যে বিহু সন্মিলনীৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে ধাৰাপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানৰ ২৫ এপ্ৰিলত জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত আৰু ২৬ এপ্ৰিলত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিব। লগতে কেবাটাও বিহু হুঁচৰি-জনজাতীয় সাংস্কৃতিক গোষ্ঠীয়ে নৃত্য পৰিৱেশন কৰিব।