ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ গুৱাহাটীস্থিত উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত, ৰংমন ইকো টুৰিজিম চছাইটি আৰু নাটভেঞ্চাৰৰ সহযোগত বৃহস্পতিবাৰে উলুবাৰীৰ কস্তুৰবা গান্ধী আশ্ৰমৰ পৰা দীপৰ বিললৈ এক চাইকেল ৰেলী উলিওৱা হয়। ৰাইজৰ মাজত বহনক্ষম পৰ্যটন সজাগতা সৃষ্টিৰ লক্ষ্যৰে কিনকিনীয়া বৰষুণক নেওচিও উলিওৱা চাইকেল ৰেলীটোত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী, পৰ্যটন সেৱা খণ্ডৰ লগত জড়িত আৰু চৰকাৰী বিষয়া – কৰ্মচাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৪০ জনে ভাগ লয়।
আনহাতে পতাকা জোকাৰি ৰেলীটোৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰ্যটন, যুৱ পৰিক্ৰমা আৰু ক্রীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে। আনহাতে ভাৰত পৰ্যটনৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক অনিল অৰাওৰ নেতৃত্বত উলুবাৰীৰ পৰা গড়চুক হৈ ৰেলীটো দীপৰ বিলৰ পাৰত থকা চকৰদৌৰ দেশভক্ত তৰুণৰাম ফুকন মজলীয়া বিদ্যালয়লৈ আহে। তাৰপাছত বিদ্যাল়য় চৌহদত জাম, আমলখিকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২০ টা গছপুলি ৰোপণ কৰি গৰু – ছাগলীয়ে খাব নোৱাৰাকৈ বাঁহৰ চেকাৰ দিয়া হয়। কাৰ্যসূচীত ভাৰত পৰ্যটনৰ ক্ষেত্ৰীয় সঞ্চালক অনিল অৰাও, পৰ্যটন বিষয়া মীৰা দা , ৰংমন ইকো টুৰিজিম চছাইটিৰ কৰ্মকৰ্তাদ্বয় প্ৰমোদ কলিতা আৰু কন্দৰ্প বড়ো, দেশভক্ত তৰুণৰাম ফুকন মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বিমল মেধিকে ধৰি বৃহত্তৰ চকৰদৌ অঞ্চলৰ বহু বিশিষ্ট লোক উপস্থিত থাকে।