Central Bank of India চিৰাজুলি শাখাত তিনিজনীয়া ডকাইতৰ দলে লুটি নিলে ৮ লাখ ৫০০০০ হাজাৰ টকা ৷
সোমবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ডকাইতিৰ ঘটনা।
এটা তিনিজনীয়া ডকাইতৰ দলে AK47 ৰাইফল পিষ্টল আৰু খুকুৰি আদি মাৰণাস্ত্র লৈ বেংকটোৰ ভিতৰত প্ৰৱেশ কৰি ছিকিউৰিটী গাৰ্ডক আক্ৰমণ কৰে।
আক্ৰমণ কৰাৰ লগতে ভাবুকি প্ৰদান কৰি তিনি ৰাউণ্ড গুলী ফুটাই টকাখিনি লুটি লৈ বাইকেৰে পলায়ন কৰে ৷
ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ জানিব পৰা অনুসৰি দুৰ্বৃত্ত কেইটা বড়ো সম্প্ৰদায়ৰ ৷
Photo: Headline8
Input: Amal Nath