পশ্চিম বৰাগাঁওৰ বেলৰতলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে বিগত ২০২১ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা নীতি নিয়ম উলংঘা কৰি বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ নকৰাকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটীৰ পৌৰ এলেকাৰ আৱৰ্জনা পেলাই অহাৰ ফলত দীপৰ বিলৰ পানীভাগ প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিবেশ বসবাসৰ অনুপযোগী হৈ পৰিছে। আনকি বিলৰ দূষিত পানী সেৱন কৰি ইতিমধ্যে বহু মাছ – কাছৰ মৃত্যু হোৱাৰ সমান্তৰাল ভাৱে প্ৰকৃতিৰ জামাদাৰ ৰূপে পৰিচিত বিলুপ্ত প্ৰায় প্রজাতিৰ হাড়গিলা , শগুণকে ধৰি তেনে ধৰণৰ চৰাই আদিৰো কৰুণভাবে মৃত্যুমুখত পৰিছে। ইয়াৰ মাজতে আজি পুনৰ দুটাকৈ হাড়গিলাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমী লোক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰাপ্ত খবৰ মতে, দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে ডাম্পিং গ্ৰাউণ্ডৰ পৰা দূষিত পানী ওচৰতে থকা নিৰ্মাণৰত অৱস্থাত থকা শ্বহীদ উদ্যানৰ মাজৰে বৈ থকা প্ৰত্যক্ষ কৰাৰ লগতে দুটা হাড়গিলা মৃত অৱস্থাত দেখা পাই দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়ে। বনকর্মীৰ এটা দলে মৃত হাড়গিলাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনটো হাড়গিলা পানীত ভাঁহি থকা মেটেকাৰ দমৰ ওপৰত উটি গৈ থকা বাবে বনকর্মীৰ দলটোৱে উদ্ধাৰ কৰিব নোৱাৰিলে। জানিব পৰা মতে ডাম্পিং গ্ৰাউণ্ড কেন্দ্ৰীক দূষিত পৰিস্থিতিৰ বাবে অঞ্চলটোত হাড়গিলা, কাউৰী, বগলী আদিৰ মৃত্যু হোৱা ঘটনা এতিয়া সাধাৰণ ঘটনাত পৰিণত হোৱা বুলি প্ৰকৃতিপ্ৰেমী লোক সকলে অভিযোগ কৰিছে।