শনিবাৰে মহানগৰীৰ ওদালবাক্ৰাৰ হায়াত চিকিৎসালয়ৰ পিছফালৰ এটা নলাৰ পৰা উদ্ধাৰ হয় এটা মৃতদেহ । মৃত ব্যক্তিজনৰ নাম ৰামচন্দ্ৰ বেথা বুলি জানিব পৰা গৈছে ।
২২ বছৰ ধৰি ওদালবাক্ৰাৰ বাসিন্দা হৈ থকা ৫০ বছৰীয়া মৃত ব্যক্তিজনৰ প্ৰকৃত ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে,মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।বৰ্তমান এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলি আছে