ক’ৰোনা আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তামিলনাডুৰ পিএছডব্লিউ মাধৱ ৰাওয়ে।
মাৰ্চ মাহৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈছিল প্ৰাৰ্থীগৰাকী।
উল্লেখযোগ্য যে এইবাৰ বিধানসভা নিৰ্বাচনত শ্ৰী ভিলিপুথুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল এই গৰাকী কংগ্ৰেছ নেতাই।
ক’ৰোনা আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল পিএছডব্লিউ মাধৱ ৰাওয়ে ।
অৱশেষত ৰবিবাৰে শেষ নিশ্বাস ত্যাগ কৰে নেতা গৰাকীয়ে।
উল্লেখ্য যে তামিলনাডুৰ শ্ৰী ভিলিপুথুৰ সমষ্টিৰ ভোটগণনাৰ পিছত যদিহে প্ৰাৰ্থী গৰাকী জয়ী হয় পুনৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।
Photo Credit: Google