গুৱাহাটীৰ জালুকবাৰীস্থিত অসমৰ চৰকাৰী খণ্ডৰ একমাত্ৰ আয়ুৰ্বেদিক চিকিৎসা আৰু শিক্ষা প্রতিষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ১২ নৱেম্বৰত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা স্মাৰক সদৌ অসম আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। পুৱা ১০ বজাত বন্তি প্ৰজ্বলন আৰু ডাঃ ভুৱনেশ্বৰ বৰুৱা আৰু ডাঃ জগদীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ প্ৰতিকৃতিত পুষ্পার্ঘ্য তৰ্পনেৰে অনুষ্ঠানৰ আৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্য, তৰ্ক বিভাগৰ তত্বাৱধায়ক ডাঃ দিলীপ কুমাৰ গোস্বামীয়ে। অধ্যাপক ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ আদৰণি ভাষণৰ পিছতে “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে ভাৰতীয় শিক্ষা ব্যৱস্থাত উল্লেখযোগ্য পৰিৱৰ্তন আনিব” বিষয়ৰ ওপৰত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাখনিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুশান্ত কুমাৰ কাশ্যপ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ টুৰিজিম আৰু ট্ৰেভেল বিভাগৰ অধ্যাপক ডঃ সত্যজিত দাস আৰু পাণবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষয়ত্রী চিন্ময়ী গোস্বামী বিচাৰক হিচাপে উপস্থিত থাকে। আনহাতে প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ৰাজদ্বীপ মহন্তই। তেনেদৰে গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ঝৰ্ণা গোস্বামীয়ে দ্বিতীয় , ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ অৰুণিমা ধৰে তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে। আনহাতে শ্ৰেষ্ঠ দলৰ সন্মান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশীষ বৰ্মন আৰু নবাৰুণ কাশ্যপে। তেনেদৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাজ দাস আৰু অৰ্ণবজ্যোতি তালুকদাৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ আৰু চিপাঝাৰ মহাবিদ্যালয়ৰ শ্বাহজাদি শ্ববনম চুলতানা আৰু জিতুমণি কলিতাৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলৰ মাজত বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়।