প্ৰায় দুমহীয়া জলনা-কল্পনাৰ অন্তত: অৱশেষত আজি অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক ব’ৰ্ডৰ সমূহ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ বাতিল কৰা হয়।
উল্লেখ্য যে অসমৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে বিগত কেইটামান সপ্তাহত পৰীক্ষা বাতিলৰ দাবী উত্থাপন কৰি আহিছিল। পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ ছাত্ৰ-ছাত্ৰীসকল এক দোদুল্যমান স্থিতিত ৰৈ যাবলগীয়া হৈছিল। যি নহওঁক শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্তই এই সকল শিক্ষাৰ্থীক আশ্বস্ত কৰিছে।
এই সম্পৰ্কে অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই কয় যে ক’ভিডসৃষ্ট এই পৰিস্থিতিত কোনো পধ্যেই পৰীক্ষা অনুষ্ঠিত কৰাটো তেওঁলোকে বিচৰা নাছিল। পৰীক্ষা অনুষ্ঠিত কৰাত সামগ্ৰিকভাৱে জটিলতা থকা বুলি কৈ তেওঁ কয় যে গণ সংক্ৰমণৰ আশংকা থকাৰ এই সময়খিনিত সমাজৰ সকলো শ্ৰেণীৰ পৰিয়ালৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই এই পৰীক্ষা বাতিল কৰা যুগুত আছিল। উল্লেখ্য যে নতুন চৰকাৰ গঠন হোৱাৰ সময়ৰ পৰাই সংগঠনটোৱে পৰীক্ষা বাতিলৰ হকে দাবী জনাই আহিছিল।
অৱশ্যেই চৰকাৰৰ এই সিদ্ধান্তই মেধাবী ছাত্ৰ-ছাত্ৰীসকলক ক্ষতিগ্ৰস্ত কৰাৰ শংকা নুই কৰিব নোৱাৰি। নিসন্দেহে পৰীক্ষা বাতিলৰ পিছত বিগত প্ৰায় ডেৰটা বছৰে অতি কষ্টেৰে প্ৰস্তুতি চলাই অহা ছাত্ৰ-ছাত্ৰীসকল হতাশ হোৱাৰ শংকা প্ৰবল।যোগ্যজনক প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাৰ লগতে অযোগ্যজনে প্ৰাপ্যতকৈ অধিক লাভ নকৰাটো সুনিশ্চিত কৰিবলৈ নিসন্দেহে চৰকাৰে এক বিকল্প ব্যৱস্থা উলিয়াব লাগিব। অন্যথা চি বি এছ ই ৰ দৰে সুক্ষ্ম আৰু ছিদ্ৰহীন মূল্যাংকণ পদ্ধতি এটা নথকা অসমৰ শিক্ষা ব্যৱস্থাত পৰীক্ষা সম্পূৰ্ণৰূপে বাতিলৰ এই সিদ্ধান্তই বেছ কিছুসংখ্যকৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ণয়তো বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা আছে বুলি অসমৰ সচেতন বৌদ্ধিক মহলে পূৰ্বৰ পৰাই কৈ আহিছে।