পাণ্ডু বিহু সন্মিলনী, মালিগাৱঁৰ এখন সাধাৰণ সভা অলপতে মালিগাওঁ নামঘৰ প্ৰাঙ্গণত সভাপতি ডাঃ বিৰিঞ্চি কুমাৰ দেৱমিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্যেশ্য বাখ্যা কৰি বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱা জনায় যে, বিহু উৎসৱৰ পৰা ৰাহি হোৱা ধনেৰে মালিগাওঁ ৰাভা পাৰ্কত বিষ্ণু ৰাভাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। সভাত বিহু কমিটিৰ কোষাধ্যক্ষ বাবু প্ৰসাদ শৰ্মাই যোৱা বছৰৰ হিচাপ ডাঙি ধৰি কয় যে এইবাৰ বিহু কমিটিয়ে ৫,২৪,১৯৭.১৪ টকা ৰাহি কৰিব পৰাটো উল্লেখযোগ্য। কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে মালিগাওঁ ৰাভা পাৰ্কত কলাগুৰু গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বিষয়ে কয় যে, অহা ৩১ জানুৱাৰী তাৰিখে কলাগুৰু গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে পাণ্ডু বিহু সন্মিলনী, মালিগাঁও য়ে ৰাভা পাৰ্কত তেওঁৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লৈছে । ৰাভা পাৰ্কত কলাগুৰু গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্তই মালিগাওঁ বাসীক আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান মালিগাৱঁৰ নৱজ্যোতি কলা পৰিষদৰ উদ্যেগত ১৯৭২ চনত মালিগাওঁ চাটেলগেট বজাৰত অৱস্থিত পাৰ্কখন “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ” নামেৰে নামাকৰণ কৰা হৈছিল। তেতিয়াৰে পৰা সাংস্কৃতিক নগৰী মালিগাওঁত বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান এই ৰাভা পাৰ্কত অনুষ্ঠিত হৈ আহিছে। অথচ আজিলৈকে ৰাভা পাৰ্কত আমি কলাগুৰু গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিব পৰা নাই -চক্ৰৱৰ্তীয়ে আক্ষেপেৰে কয়। প্ৰতিমূৰ্তি স্থাপনত আগভাগ লোৱা বিহু কমিটিৰ আন এগৰাকী কৰ্মকৰ্তা তথা এন এফ ৰে’লৱে এমপ্লইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই তেওঁৰ বক্তব্যত ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি কয় যে ৰাভাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আমি ইতিমধ্যে বহু পৰিকল্পনা হাতত লোৱা হৈছে।