• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in সংবাদ, অসম
1 min read
0
সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা

Rhinoceros at Kaziranga National Park. (File Photo: IANS)

Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা প্ৰসাৰ আৰু পৰ্যটকৰ বাবে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত সবাটোকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ’ল ৰাষ্ট্ৰীয় উদ্যানখনৰ সমুদায় এলেকাক ইক’ছেনচিটিভ জ’ন ঘোষণা।

আজি ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ কৰাৰ প্ৰয়োজন যে, ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ পৰ্যটকক লৈ ব্যক্তিগত ব্যৱসায়িক লাভালাভৰ লক্ষ্য সন্মুখত লৈ একাংশ ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিয়ে অভয়াৰণ্যৰ সংলগ্ন এলেকাত অসংখ্য অতিথিশালা, বিলাসী হোটেল আদি নিৰ্মাণ কৰাৰ উপৰিও কাজিৰঙাৰ মাজেৰে যোৱা ঘাইপথৰ দাঁতি এলেকাত শাৰি শাৰি হোটেল ৰেষ্টুৰেণ্ট, ধাবা আদি নিৰ্মাণ কৰি বন্যপ্ৰাণীৰ আহ-যাহ সম্পূৰ্ণ ৰূপে বন্ধ কৰি পেলাইছে।

উল্লেখ্য যে, বাৰিষা সাধাৰণতেই আশ্ৰয় লোৱা অভয়াৰণ্যখনৰ দাঁতি কাষৰিয়া পাৰ্বত্য ভূমিত শ শ অবৈধ শিলৰ কোৱাৰি স্থাপন কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বাধা নিষেধ উলংঘা কৰি একাংশ ব্যৱসায়িয়ে বন্যপ্ৰাণী আহ-যাহত বাধা প্ৰদান কৰাৰ উপৰিও পাহাৰ এলেকাৰ পৰা কাজিৰঙালৈ বৈ অহা অসংখ্য জান-জুৰিৰ প্ৰবাহ বন্ধ কৰি পেলাইছে।

ইফালে এনে অবৈধ বাণিজ্য ক্ষেত্ৰসমূহৰ লগতে কাজিৰঙা এলেকাত ঘৰ পাতি লোৱা একাংশ লোকৰ আৱাসসমূহ চোৰাং চিকাৰীৰ বাবেও অস্থায়ী শিবিৰত পৰিণত হৈছে। দীৰ্ঘকালৰ পৰা উত্থাপন হৈ অহা অভিযোগ অনুসৰি এইবোৰৰ পৰাই ওলাই গৈ কাজিৰঙাত সময়ে সময়ে গঁড় নিধন কৰে ম্যানমাৰ, নাগালেণ্ড, কাৰ্বি আংলং আদিৰ চোৰং কাৰবাৰি তথা গঁড় হত্যাকাৰী বিদ্ৰোহীয়ে।

ইতিমধ্যে বিশ্বৰ বিভিন্ন পৰিৱেশ কৰ্মী তথা কাজিৰঙা প্ৰেমী লোকৰ মাজত গঢ়লৈ উঠা জনমতৰ হেঁচাত চৰকাৰে ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হৈছে। সেইবাবেই সমগ্ৰ কাজিৰঙাক ইক’ছেনচিটিভ জ’ন ঘোষণা কৰাই নহয়, ইয়াত কৰ্মৰত বিষয়া কৰ্মচাৰীৰো ব্যাপক ৰদ-বদল কৰা হৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ সঞ্চালক ৰূপে দীৰ্ঘকাল ধৰি বহিঃৰাজ্যৰ বিষয়াই কাৰ্যনিৰ্বাহ কৰি আহিছিল। শেহতীয়াকৈ ইয়াত কৰ্মৰত সঞ্চালক পি শিৱ কুমাৰক দক্ষিণ অসম চক্ৰৰ মুখ্য বনসংৰক্ষক ৰূপে বদলি কৰি দক্ষ আৰু কঠোৰ অসমীয়া আই এফ এছ বিষয়া ৰূপে পৰিচিত যতীন শৰ্মাক ৰাষ্ট্ৰীয় উদ্যানখনলৈ সঞ্চালক ৰূপে বদলি কৰা হৈছে।

এই ক্ষেত্ৰত বিভাগীয় যুক্তি হ’ল কাজিৰঙাক অৰাজকতাৰ পৰা মুক্ত কৰিবলৈ হ’লে সেনাৰ স্কুলত পঢ়ি ডাঙৰ হোৱা যতীন শৰ্মাৰ দৰে বিষয়াৰ প্ৰয়োজন কাজিৰঙাত বেছি। চৰকাৰৰ নিৰ্দেশ মৰ্মে বুধবাৰে যতীন শৰ্মাই কাজিৰঙাত যোগদান কৰিছে যদিও হথাতে এনে আচহুৱা দায়িত্ব ল’বলগীয়া হোৱাৰ বাবে চৰকাৰৰ উদ্দেশ্য কিমান পূৰণ হ’ব সেইয়া সময়েহে ক’ব।

Previous Post

ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল কৌটি টকাৰ সম্পত্তি

Next Post

নিউজ বুলেটিন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিউজ বুলেটিন

নিউজ বুলেটিন

২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত ‘Momentum North East 2022’

২৪ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত 'Momentum North East 2022'

মহানগৰীত পানী কঢ়িওৱা টেংকাৰৰ খুন্দাত নিহত এজন

মহানগৰীত পানী কঢ়িওৱা টেংকাৰৰ খুন্দাত নিহত এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8