লালকিল্লা হিংসাত্মক ঘটনা সন্দৰ্ভত অভিযুক্ত পঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুক দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে।
আজিয়েই দিল্লীৰ তীছ হাজাৰী আদালতে তেওঁক চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিছিল।
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে, ৯ ফেব্ৰুৱাৰীত দ্বীপ সিদ্ধুক গ্ৰেপ্তাৰ কৰা হৈছিল।
প্ৰতিবাদকাৰীক উচতোৱাৰ লগতে কেইবাটাও অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।
শনিবাৰে দিল্লীৰ আদালতে তেওঁক ৩০.০০০ টকাৰ ব্যক্তিগত বণ্ডৰ আধাৰত জামিন প্ৰদান কৰিছে।
আদালতে জামিনসহ যি চৰ্ত দিছে,
সেই চৰ্তসমূহৰ আধাৰত সিদ্ধুৱে আৰক্ষী থানাত আৰক্ষীয়ে বিচৰা অনুসৰি হাজিৰ হ’ব লাগিব,
নিজৰ পাছপৰ্ট জমা থ’ব লাগিব, ফোন নম্বৰ সলনি কৰিব নোৱৰিব।
কিন্তু জামিনৰ কিছু ঘণ্টাৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল সিদ্ধুক।
চলিত বৰ্ষৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা দ্বীপ সিন্ধুৱে লালকিল্লাত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাষ্ট্রীয় পতাকাক অপমান কৰা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
Photo: Google