• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ
Share on FacebookShare on Twitter

বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰৰ পাছত শনিবাৰে মাজনিশাৰ পাছত সোৱাদৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ সুনাম থকা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। অৱশ্যে এই মাছ ধৰা উৎসৱ ব্যক্তিগত ভাবে নহয় শৃংখলাবদ্ধভাবে আৰম্ভ হৈছে দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলৰ উন্নয়নৰ হকে কাম কৰি অহা দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত। এই সন্দৰ্ভত সমিতিৰ সভাপতি গোলক দাস (১) আৰু সম্পাদক গোলক দাসে (২ ) জানিবলৈ দিয়া মতে জন্মলগ্নৰে পৰা সমিতিখন বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰিয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। যাতে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাবে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে। কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা, মেধিপাৰা, হিৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ অনুসূচিত জাতিৰ প্ৰায় ৮০০ টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই পৰিয়াল সমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে। তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰ পাৰ হোৱাৰ পাছত যাবতীয় ৰীতি – নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয়। এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে। সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম – কাজ সমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে। আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ পাৰত আজাৰাৰ দিশত দেওবাৰে পুৱাৰে পৰা সৃষ্টি হৈ আছে উখল মাখল পৰিৱেশ।

এই পৰিবেশ অহা মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব। দ্বিতীয় দিনাও পুৱাৰে পৰা মাছ কিনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে । সকলোৰে লক্ষ্য এটাই বিলৰ পাৰতে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰা। আনহাতে কিছু সংখ্যক মাছমৰিয়াই মাছ সমূহ বিক্ৰীৰ বাবে নিকটবৰ্তী গধুলি বজাৰলৈ আনিছে। কিন্তু দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলে পৰম্পৰা অনুসৰি কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে। স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে সদৰি কৰা অনুসৰি বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি, বিকেত মাছ বেছিকৈ পৰিছে নাও লৈ যোৱা মাছমৰিয়াৰ জালত। অৱশ্যে এই পৰ্যন্ত সৰ্বাধিক প্ৰায় ১৫ কেজি ওজনৰ বিকেত মাছ ধৰা হৈছে। লক্ষণীয় বিষয়টো এয়ে যে প্ৰতি বছৰৰ দৰে এইবেলিও বন বিভাগৰ অনুৰোধত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সমূহীয়া মাছ ধৰা উৎসৱৰ প্ৰাকক্ষণত ৭ জানুৱাৰীত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষিত অঞ্চলত কোনো মাছমৰিয়াই যাতে মাছ মাৰিবলৈ নাও লৈ যাব নোৱাৰে তাৰ বাবে ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছিল। কিন্তু অভয়াৰণ্য ঘোষিত অঞ্চলত প্ৰৱেশ নকৰাকৈয়ে বেছিভাগ মাছমৰিয়াই মাছ ধৰা বুলি সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে।

Previous Post

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

Next Post

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

পৰিবহণ বিভাগৰ উদ্যোগত অনুষ্ঠিত চকু চিকিৎসা শিবিৰলৈ ব্যাপক সহাঁৰি ৰাইজৰ

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত ১০ গৌৰৱময় বছৰ উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8