দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত দীপৰ বিলত মাছৰ বংশবৃদ্ধিৰ বাবে বিলৰ বুকুত মাছৰ পোনা এৰি দি আহিছে। এইবেলিও ৰটাৰী ক্লাৱ অফ গুৱাহাটী চাউথৰ সহযোগত ১০ জুলাইত দীপৰ বিলৰ বুকুত প্ৰায় ২.৫ কুইণ্টল ৰৌ, ভকুৱা আৰু বিকেত মাছৰ পোনা এৰি দিয়া হয়। মাছৰ পোনা এৰি দিয়া কাৰ্যসূচীত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি গোলক দাস (১), সম্পাদক গোলক দাস (২) আৰু কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।
ইফালে বুধবাৰৰ দিনটোত বিলৰ বুকুত দুখন নাওৰ সহায়ত সমিতিৰ ১৫ জন সদস্যই মাছৰ পোনা সমুহ এৰি দিয়ে। ইফালে দীপৰ বিল পাছপৰা সমবায় সমিতিৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে মাছৰ পোনা এৰি দিয়াৰ পাছত আগন্তক ছয় মাহৰ বাবে বিলৰ বুকুত মাছ ধৰা পৰ্ব বন্ধ থাকিব। পৰবৰ্তী অহা ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম দেওবাৰটোত দীপৰ বিলত সমূহীয়াভাবে মাছ ধৰা পৰ্ব আৰম্ভ হোৱাৰ পাছতহে বিলৰ বুকুত মাছমৰীয়া সকলে মাছ ধৰিব পাৰিব । উল্লেখ্য যে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিচিত দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে জন্মলগ্নৰে পৰা বিলখন যাতে প্ৰাকৃতিক ভাবে সুৰক্ষিত হয় আৰু মাছমৰীয়া পৰিয়ালৰ লোকসকলৰ বিলত মাছ ধৰা অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰি আহিছে । অৱশ্যে গুৱাহাটীৰ দূষিত পানীভাগ চৰকাৰে পামহী কেনেলৰে দীপৰ বিলত পেলাই অহাৰ ফলত বিলৰ পানীভাগ প্ৰদূষিত হোৱাত মাছ আৰু জলজ উদ্ভিদৰ বংশবৃদ্ধিত বিৰূপ প্ৰভাৱ পৰিছে। ফলত বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে।