দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ হাৰ।
লগতে ভিন্ন ৰাজ্যত অক্সিজেনৰ নাটনিয়ে দেখা দিছে।
অক্সিজেনৰ নাটনিৰ ফলত মৃত্যু ঘটিছে কেইবাজনো লোকৰ।
ক’ৰোনা সংক্ৰমিত ৰোগীৰ বাবে নাটনি অক্সিজেনৰ নাটনি হোৱা বাবে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
জাৰ্মানীৰ পৰা বিমান যোগে ২৩ টা মোবাইল অক্সিজেন জেনেৰেশ্যন প্লাণ্ট অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
জানিব পৰা অনুসৰি প্ৰতিটো অক্সিজেন জেনেৰেশ্যন প্লাণ্টত প্ৰতি মিনিটত ৪০ লিটাৰ অক্সিজেন আৰু প্ৰতি ঘণ্টাত ২৪০০ লিটাৰ অক্সিজেনৰ উৎপাদন হ’ব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ইয়াৰ দ্বাৰা ভাৰতৰ ক’ৰোনা আক্ৰান্ত ৰোগী সকলে প্ৰয়োজনীয় অক্সিজেন সেৱা লাভ কৰিব।
লগতে অক্সিজেনৰ জৰিয়তে ভাৰতবাসীয়ে যথেষ্ট উপকৃত হ’ব।
Photo Credit: Google