আজি পুৱা দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু হয়।
বিগত কেইদিনমান আগতে ক’ৰোনাত আক্ৰান্ত হৈ দিল্লীৰ প্ৰতীক্ষা হাস্পতালত ভৰ্তি হৈ আছিল কল্যাণ বৰুৱা আৰু তেওঁৰ পত্নী টাইমছ অফ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য।
শুকুৰবাৰে কল্যাণ বৰুৱাৰ পত্নী নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
আৰু আজি চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় কল্যাণ বৰুৱাৰ।
১৯৯৩ চনৰ পৰা আসাম ট্ৰিবিউন কাকতৰ দিল্লীস্থিত কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কৰ্মৰত আছিল বৰুৱা।
জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমবাসীয়ে ।
Photo Credit:Google