বিজেপিৰ দিল্লীৰ প্ৰাক্তন উপাধ্যক্ষ জী এছ ৱাবাই ফাঁচী লগাই আত্মহত্যা কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে।
সোমবাৰে সন্ধিয়া ৬ বজাত সুভাষ নগৰৰ এখন পাৰ্কত গ্ৰিলত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় জি এছ ৱাবাৰ মৃতদেহ।
৫৮ বছৰীয়া জি এছ ৱাবা পশ্চিম দিল্লীৰ ফটেহ নগৰত বাস কৰিছিল।
আৰক্ষীয়ে নাপালে কোনো ছুইচাইড নোট
পাৰ্কত ফুৰি থকা লোকে আৰক্ষীক এই বিষয়ে জানিবলৈ দিয়ে আৰু ক’লে যে পাৰ্কত কোনো লোকৰ মৃতদেহ ওলমি আছে।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অভিযান আৰম্ভ কৰে।
ইয়াৰ পিছত মৃতকৰ পৰিচয় পোৱা যায়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নাপালে কোনো ছুইচাইড নোট।
আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইয়াৰ পূৰ্বে ঘৰত পাইছিল বিজেপি সাংসদৰ মৃতদেহ
উল্লেখ্য ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশৰ মণ্ডীৰ পৰা বিজেপি সাংসদ ৰাম স্বৰূপ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হৈছিল।
সন্দেহজনক অৱস্থাত গোমতী এপাৰ্টমেণ্টত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।
Photo: Google