ৰাজধানীৰ লোকসকলে শীঘ্ৰে সহজভাৱে টীকাকৰণৰ সুবিধা লাভ কৰিবলৈ গৈ আছে।
এতিয়াৰে পৰা লোকসকলে তেওঁলোকৰ বাহনত বহিয়েই ভেকচিনৰ পালি গ্ৰহণ কৰিব পাৰিব।
বুধবাৰৰ পৰা দিল্লীত প্ৰথম ড্ৰাইভ-থ্ৰু টীকাকৰণ (Drive-thru Vaccination) কেন্দ্ৰ আৰম্ভ কৰা হ’ব।
কেন্দ্ৰটোৰ সময় কি হ’ব?
কেন্দ্ৰটো ২৬ মে’ৰ পৰা ভেগাছ মলত দ্বাৰকাৰ আকাশ হেল্থকেয়াৰ ছুপাৰ স্পেছিয়েলিটি হাস্পতালৰ দ্বাৰা মুকলি কৰা হ’ব।
বিষয়াসকলে সোমবাৰে এই কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২৬ মে’ত পুৱা ১১:৩০ বজাত দিল্লীৰ প্ৰথমখন ড্ৰাইভ-থ্ৰু টীকাকৰণ কেন্দ্ৰ উদ্বোধন কৰিব।
ড্ৰাইভ-থ্ৰু টীকাকৰণ কেন্দ্ৰটোক লৈ এগৰাকী বিষয়াই কয় যে, আকাশ হেল্থকেয়াৰে কেন্দ্ৰটোত ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ বাবে ৩০ হাজাৰ পালি ক’ভিশ্বিল্ড ক্ৰয় কৰিছে।
ভেকচিনটো পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ দিয়া হ’ব।
যান-বাহন নিয়ন্ত্ৰণৰ পৰিকল্পনা
হাস্পতালৰ এজন অধ্যক্ষই জনালে যে, দিল্লী চৰকাৰ আৰু দক্ষিণ পশ্চিম দিল্লী জিলাধিকাৰীৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিলাধিকাৰী নবীন আগৰৱালে ক’লে যে, ‘আমি লাহে-লাহে আৰম্ভ কৰিম যাতে ৰাজপথত যান-জঁটৰ সৃষ্টি নহয় আৰু প্ৰথমে ৪০ৰ পৰা ৫০টা পালি প্ৰদান কৰিম।’
তেওঁ লগতে ক’লে, প্ৰতিদিনে প্ৰদান কৰা এই পালি লাহে-লাহে বঢ়াই ৩০০ কৰোৱা হ’ব।
Photo: Google