দিল্লীত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।
দৈনিক অধিক লোক আক্ৰান্ত হৈ পৰিছে ক’ৰোনা ভাইৰাছত।
আজি দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজালো আক্ৰান্ত হৈছে ক’ৰোনাত।
এই কথা টুইটযোগে প্ৰকাশ কৰিছে উপ-ৰাজ্যপাল গৰাকীয়ে।
I have tested positive for COVID with mild symptoms.
Have isolated myself since the onset of symptoms and all those who were in contact with me have been tested.
Will continue to function and monitor the situation in Delhi from my residence.— LG Delhi (@LtGovDelhi) April 30, 2021
তেওঁ কৈছে যে দেহত ক’ৰোনাৰ সাধাৰণ লক্ষণ সমূহে দেখা দিছে।
আৰু তেওঁ নিজৰ ঘৰতে হোম আইছ’লেচনত থাকিব।
লগতে ঘৰত থাকিয়ে তেওঁ দিল্লীৰ কাম কাজবোৰ চলাই থাকিব।
তাৰ উপৰিও যি সকল ব্যক্তিয়ে বিগত কেইদিনমান আগৰ পৰা তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অতি সোনকালে ক’ৰোনা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে উপ-ৰাজ্যপাল অনিল বৈজালে।
Photo Credit : Google