অবৈধভাৱে চলাই থকা হুক্কা বাৰ জব্দ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে এটা টুইট কৰে আৰু সেই টুইটটো দ্ৰুতগতিত ভাইৰেল হৈ পৰে।
দৰাচলতে পশ্চিম দিল্লী এলেকাত দিল্লী আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যত অবৈধভাৱে চলি থকা হুক্কা বাৰত অভিযান চলাই যথেষ্ট পৰিমানত হুক্কা আৰু নিচাযুক্ত দ্ৰব্য জব্দ কৰে।
ইয়াৰ পিছত অভিযানৰ ফটো টুইটাৰত পোষ্ট কৰি দিল্লী আৰক্ষীয়ে লিখিলে,
‘য়ে হম হ্যে…য়ে হুক্কে হ্যে… ঔৰ অব পাৱৰী নহী হো ৰহী হ্যে’।
— Addl DCP-I WEST DISTT (@i_addl) March 7, 2021
দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, নিশা পেট্ৰ’লিঙৰ সময়ত যেতিয়া ২খন ৰেষ্টুৰেণ্টত দিল্লী আৰক্ষীৰ জোৱানে ভিজিট কৰে তেতিয়া জোৱানসকলে প্ৰত্যক্ষ কৰে যে,
ৰেষ্টুৰেণ্ট দুখনত কোনোধৰণৰ ক’ৰোনাৰ নিয়ম পালন কৰা হোৱা নাছিল।
লগতে ৰেষ্টুৰেণ্টত দুখনত লোকসকলে হুক্কাৰ ধোঁৱা উৰুৱাই আছিল।
আৰক্ষীয়ে যেতিয়া ৰেষ্টুৰেণ্ট দুখনৰ মেনেজাৰক সোধা-পোছা কৰে তেতিয়া আৰক্ষীৰ জোৱানসকলক মেনেজাৰে ভিতৰলৈ যাবলৈ বাধা প্ৰদান কৰে।
ইয়াৰ পিছত আৰক্ষীৰ জোৱানকেইজন ৰেষ্টুৰেণ্টৰ ভিতৰত তালাচী অভিযান চলাই বৃহৎ পৰিমানৰ হুক্কা জব্দ কৰে।
জব্দকৃত হুক্কাখিনিৰ ফটো শ্বেয়াৰ কৰি লিখিলে ‘য়ে হম হ্যে, য়ে হুক্কে হ্যে, ঔৰ অব পাৱৰী নহী হো ৰহী হ্যে’।
লগে লগে টুইটটো ভাইৰেল হৈ পৰে।
Photo: Twitter