দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বৃহৎ ঘোষণা কৰি কয় যে দিল্লীৰ এতিয়াৰে পৰা নিজৰ পৃথক শিক্ষা বোৰ্ড হ’ব।
দিল্লী কেবিনেট বৈঠকত এই সিন্ধান্তৰ অনুমতি প্ৰদান কৰা হয়।
২০২১-২২ত কেইখনমান বিদ্যালয়ত নতুন বোৰ্ডৰ আধাৰতে পঢ়া-শুনা কৰোৱা হ’ব।
বৰ্তমান দিল্লীত কেৱল CBSE/ICSE বোৰ্ড আছে। কিন্তু এতিয়া অন্য ৰাজ্যৰ দৰে দিল্লীতো পৃথক শিক্ষা বোৰ্ড হ’ব।
অৰবিন্দ কেজৰিৱালে এই কথাটোৰ ঘোষণা কৰি কয় যে, আজি আমি দিল্লীৰ কেবিনেটত দিল্লী বোৰ্ড অব স্কুল এডুকেচনৰ গঠনৰ অনুমতি প্ৰাদন কৰা হৈছে।
এই শিক্ষা বোৰ্ডখন কোনো সাধাৰণ বোৰ্ড নহয়। এই শিক্ষা বোৰ্ডখন গঠন কৰাৰ কাৰণটো হ’ল- বিগত ৬ বছৰত আমি দিল্লীৰ বাজেটৰ প্ৰায় ২৫ শতাংশ শৈক্ষিক দিশত ব্যয় কৰিবলৈ আৰম্ভ কৰিছো।
ইয়াৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ আটকধুনীয়া বিল্ডিং, ভাল কোঠা আৰু স্বচ্ছতাৰ ব্যৱস্থা হ’বলৈ আৰম্ভ কৰিছে।
আমি শিক্ষাৰ জগতত কেইবাটাও বৃহৎ পৰিৱৰ্তন কৰিছো।
ইয়াৰ পূৰ্বে বিদ্যালয়ৰ যিকোনো কাম কৰিবলৈ চৰকাৰৰ পৰা অনুমতি গ্ৰহণ কৰিব লাগিছিল।
Photo: Google