গুৱাহাটী মহানগৰৰ মাজমজিয়াত থকা “কাকে দি হাট্টি” নামৰ ৰেষ্টোৰাখনে সম্পূৰ্ণ কৰিলে সফলতাৰ দুটা বছৰ। এই উপলক্ষে আঠগাঁও কুমাৰপাৰাস্থিত ৰেষ্টোৰাখনে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। সফলতাৰ দুটা বছৰ শীৰ্ষক এই অনুষ্ঠানত একাধিক ব্য়ৱসায়ীৰ লগতে ৰাইজ উপস্থিত থাকে। প্ৰায় দুশ বছৰৰ বৰ্ণিল ইতিহাস থকা ৰেষ্টোৰাখনত মূলত জৈন খাদ্য় সম্ভাৰৰ লগতে পঞ্জাৱী, কন্টিনেন্টল খাদ্য় সম্ভাৰ পোৱা যায়। ১০ জুলাইৰ পৰা ১৭ জুলাইলৈ বিশেষ ৰেহাইত খাদ্য় অৰ্ডাৰ দি খোৱাৰ বিশেষ ব্য়ৱস্থা কৰিছে ৰেষ্টোৰা কৰ্তৃপক্ষই।
উল্লেখ্য় যে বুধবাৰে এই অনুষ্ঠানত কাকে দি হাট্টিৰ কৰ্তৃপক্ষৰ লগতে মুখ্য অতিথি হিচাপে গুৱাহাটীৰ ব্যৱসায়ী তথা সমাজ সেৱক মনোজ পাট্টনি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাকেশ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ৰাজ শেখৰ, Sach. the realityৰ মুখ্য সম্পাদক শুভম আগৰৱাল লগতে অন্য়ান্য় উপস্থিত থাকে। মহানগৰৰ উপলব্ধ বিভিন্ন খাদ্য় সম্ভাৰত সংযোজন ঘটাই কাকে দি হাট্টি ৰেষ্টোৰাখনে গৌৰৱৰে নিজৰ যাত্ৰা আগবঢ়াই নিব পাৰিব বুলি সংবাদ মাধ্য়মৰ আগত কৰ্তৃপক্ষই আশা ব্য়ক্ত কৰে।