গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খানামুখ – পূৱ নোৱাপাৰাত বিগত প্ৰায় এক মাহৰো অধিক দিন ধৰি স্বাভাৱিক যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰাত কেহেৰুবাৰী, নোৱাপাৰা, জানৰপাৰকে ধৰি বৃহত্তৰ খানামুখ অঞ্চলৰ এটা অংশ বৰিপাৰা, জঙৰাবৰী, বাঁহৰৰবাৰী সৰস্বতীপাৰাকে ধৰি পূব ধাৰাপুৰকে ধৰি কেবাটাও আবাসীক অঞ্চলৰ যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰিছে। স্মৰ্তব্য যে বিগত ১১ ছেপ্টেম্বৰত পুৱাৰ ভাগত খানা নদীৰ গাৰ্ডৱাল হঠাতে খহি পৰাত স্থানীয় ৰাইজৰ মাজত আতংকই বিৰাজ কৰে।
উল্লেখ্য যে ৩২ নং ধাৰাপুৰ গাঁও পঞ্চায়ত আৰু ১ নং ৱাৰ্ডটোক বিভক্ত কৰিছে ঐতিহাসিক খানা নদীখনে । পুৰাতন কালৰে পৰাই খানা নদীখনে দীপৰ বিলৰ অতিৰিক্ত পানীভাগ বোৱাই নি ব্ৰহ্মপুত্ৰত পেলাই আহিছে । পৰিৱৰ্তনশীল সময়ৰ গতিত ঐতিহাসিক খানা নদীৰ দুয়োটা পাৰ খহনীয়াৰ কবলত পৰা হেতুকে জলসম্পদ বিভাগে গাৰ্ডৱাল দিয়াৰ ব্যৱস্থা অব্যাহত ৰাখিছে। বিগত প্ৰায় ১৫ বছৰ পূৰ্বে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানামুখ দলঙৰ পৰা ব্ৰহ্মপুত্ৰ দিশলৈ উত্তৰ ফালে খানা নদীৰ দুই দাঁতিৰ প্ৰায় আঠশ মিটাৰ অংশত জলসম্পদ বিভাগে গাৰ্ডৱাল দিয়াৰ কাম সম্পূৰ্ণ কৰি তোলে। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে মাজে সময়ে গাৰ্ডৱালৰ কিছু-কিছু অংশ খহি যোৱাত সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই ২৯০ মিটাৰ অংশ মেৰামতিৰ বাবে ইতিমধ্যে ৩ কোটি ৫৫ লাখ টকা মোকোলাই দিছে। সেই মতে ভাগি যোৱা গাৰ্ডৱালৰ মেৰামতিৰ কাম চলি আছে। শেহতীয়া ভাবে খানামুখ নোৱাপাৰাৰ খানা নদীৰ বিপৰীত দিশত আছে ফুকনৰ পাৰ। ফুকনৰ পাৰৰ এটা পৰিয়ালৰ খানা নৈৰ দাঁতিতে আছে এজোপা বৃহৎ বাঁহ গছ। বিগত সময়ত আহি থকা বৰষুণৰ প্ৰকোপত খানা নৈৰ দাঁতিত থকা বৃহৎ বাঁহ জোপা কিছুদিন পূৰ্বে খানা নৈৰ ওপৰত উভালি পৰে। বাঁহজোপা উভালি পৰাৰ লগে-লগে খানা নৈৰ ব্ৰহ্মপুত্ৰ অভিমুখী পানী প্ৰবহণৰ গতি সংকুচিত হৈ পৰে । যাৰ ফলত পানী প্ৰবহণৰ খুন্দা গাৰ্ডৱালত প্ৰত্যক্ষ ভাবে জোৰেৰে পৰি থকা হেতুকে বিগত ১১ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত গাৰ্ডৱালখনৰ প্ৰায় ১০ মিটাৰ অংশ ভাগি যায়। আনহাতে গাৰ্ডৱাল ভাগি যোৱাৰ লগে-লগে খানামুখ নোৱাপাৰাৰ মূল যাতায়ত পথছোৱাৰো কিছু অংশ খহি যোৱাত মূল যাতায়ত পথটো সংকুচিত হৈ পৰে। স্থানীয় ৰাইজে তৎপৰতাৰে লঘু যান বাহন চলাচল কৰিব পৰাকৈ সামান্য সুবিধা কৰি দি খহি যোৱা অংশ বাঁহ বান্ধি দিয়ে।
উল্লেখ্য যে ঘটনাৰ সবিশেষ জানিব পাৰি জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তা ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি স্থানীয় ৰাইজক দুদিনৰ ভিতৰত গাৰ্ডৱালৰ ভাঙি যোৱা অংশ মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। সেই মৰ্মে জলসম্পদ বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই খানা নদীৰ ভাগি যোৱা গাৰ্ডৱালৰ ভাগি যোৱা অংশখিনিত বাঁহৰ খুঁটি মাৰি কেইটামান মাটি ভৰ্তি বস্তাৰে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছে। সম্প্ৰতি কেৱল পথচোৱাৰে চাৰিচকীয়া লঘূ বাহন অতি সাৱধানতাৰে কিবাকৈ চলাচল কৰি আছে। ইফালে লোক নিৰ্মাণ পথ বিভাগে নিৰ্মাণ কৰা মূলপথটো এনেদৰে খহি যোৱা স্বত্বেও বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অঞ্চলটোৰ ৰাইজে লোক নিৰ্মাণ পথ বিভাগক জলসম্পদ বিভাগৰ সৈতে সমন্য় সাধন কৰি খানা নৈৰ জলস্তৰ কমি যোৱাৰ পাছতে পুনৰ্নিৰ্মাণ কৰি পূৰ্বৰ দৰে স্বাভাবিক যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ লোক নিৰ্মাণ পথ বিভাগক দাবী জনাইছে।