অসম চৰকাৰৰ শিক্ষা বিভাগে ১১ ফেব্ৰুৱাৰী, ২০২২ (Office Memorandum, No: AHE. 544/2021/9, Dated: Dispur, 11th February, 2022) তাৰিখে ‘নাক’ৰ দ্বাৰা মূল্যায়ন নকৰা কলেজসমূহৰ দৰমহা কৰ্তন, পদোন্নতি বন্ধ কৰা, প্ৰাদেশীকৰণ কৰ্তন কৰাকে ধৰি কঠোৰ নিৰ্দেশাৱলী জাৰি কৰিছে। তদুপৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তক সভাপতি হিচাপে লৈ ৮জনীয়া এখন পৰামৰ্শ সমিতি গঠন কৰিছে। এই আঠজনীয়া সমিতিখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ যোগেন চন্দ্ৰ কলিতা, অধ্যাপক ড০ উৎপল শৰ্মা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ শৰৎ কাকতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক কল্যাণ ভূঞা, নগাঁও কলেজ অট’নমাচৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, ভোলানাথ কলেজৰ অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু এচ. বি. ডেউৰা কলেজৰ অধ্যক্ষ ড০ ধৰ্মেন্দ্ৰ নাথ সন্মানীয় সদস্য হিচাপে আছে।
অলপতে, নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত এতিয়ালৈকে ‘নাক’ৰ দ্বাৰা মূল্যায়ন নকৰা ১১খন কলেজৰ অধ্যক্ষ, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক আৰু অধ্যাপক-অধ্যাপিকা আৰু এখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ অংশগ্রহণেৰে ‘প্ৰথম চক্ৰৰ উচ্চ শিক্ষা প্রতিষ্ঠানৰ বাবে নাক’ ৰ মূল্যায়ন আৰু প্ৰত্যায়ন’ শীর্ষক পৰামৰ্শমূলক এখন অনলাইন আলোচনা চক্ৰ আয়োজন কৰে। এই পৰামৰ্শ কাৰ্যসূচিৰ আলোচনা চক্ৰত বাংগালোৰস্থিত ‘নাক’ৰ সহকাৰী উপদেষ্টা ড০ নীলেশ পাণ্ডে সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ড০ নীলেশ পাণ্ডেই প্ৰথম চক্ৰৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বাবে ‘নাক’ৰ মূল্যায়ন আৰু প্ৰত্যায়নৰ পুংখানুপুংখ পদ্ধতি বিস্তৃতভাৱে ব্যাখ্যা কৰে। লগতে ড০ পাণ্ডে কলেজসমূহৰ বাবে ‘নাক’ৰ দ্বাৰা সদ্যঘোষিত সাময়িক মূল্যায়ন আৰু প্ৰত্যায়ন সুবিধাৰ সবিশেষ বিশ্লেষণ দাঙি ধৰাৰ লগতে এই সুবিধা গ্ৰহণ কৰিবৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰে। ড০ পাণ্ডেই বক্তব্যৰ অন্তত অসমৰ বিভিন্ন ঠাইৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষ, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক, অধ্যাপক-অধ্যাপিকা আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ লগত এক সৌহার্দ্যপূর্ণ মত বিনিময় অনুষ্ঠানত মিলিত হয়।