দিল্লীৰ GST ডিপাৰ্টমেণ্টৰ ডেপুটি কমিছনাৰ অমন সিংলাৰ পত্নীয়ে বিষ খাই আত্মহত্যাৰ চেষ্টা চলাইছিল।
তাৰ পিছতে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে।
৬ মাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো।
মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জনাইছে যে অমন সিংলা আৰু পৰিয়ালে যৌতুকৰ বাবে নিৰ্যাতন চলাইছিল।
যাৰ বাবে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিলে মহিলাগৰাকীয়ে।
মহিলাগৰাকীৰ পৰিয়ালে লোকে নয়দা থানাত গোচৰ ৰুজু কৰিছে ।
বৰ্তমান নয়দা আৰক্ষীয়ে অমন সিংলাৰ পিতৃ মাতৃক সোধা পোছাৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে।
Photo Credit: Google