দৌল উৎসৱৰ এই বৰ্ণিল আনন্দময় সময়চোৱাত সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনা সঠিকভাৱে মানি চলাৰ আহ্বান জনাইছে ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। আজিৰে পৰা অনুষ্ঠিত হোৱা হেপাঁহৰ ৰঙেৰে ৰঙীয়াল পবিত্ৰ দৌল উৎসৱৰ সময়চোৱাত সকলোকে পবিত্ৰতা আৰু সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই পথ-সুৰক্ষাৰ বাবে মানি চলিবলগীয়া নীতি-নিৰ্দেশনাসমূহ উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে উল্লেখ কৰে৷
সকলো যান-বাহন ব্যৱহাৰকাৰীকে দৌল উৎসৱৰ শুভেচ্ছা জনাই তেওঁ কয় যে পৰম্পৰাগত ভাৱে আবিৰেৰে উদযাপন কৰক ৰঙৰ উৎসৱ৷ ধৰ্মীয় পৰম্পৰাৰে পালিত ৰঙৰ উৎসৱৰ আনন্দত মতলীয়া হৈ সুৰাপান কৰি, দ্ৰুতগতিত গাড়ী চলাই কোনোৱে যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰে৷ চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট আৰু দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে সঠিক ISI চিহ্নযুক্ত হেলমেট পৰিধান কৰাৰ লগতে ম’বাইলত কথা পাতি গাড়ী চলাই কোনো কাৰণতে যাতে বিপদ কঢ়িয়াই নানে৷ “পথ-সুৰক্ষাই জীৱন ৰক্ষা” বুলি উল্লেখ কৰি উপ-পৰিবহণ আয়ুক্তগৰাকীয়ে দৌল উৎসৱৰ সময়চোৱাত ৰাজ্যৰ ৰাজপথত পথ সুৰক্ষা নিশ্চিত কৰাত সকলোৰে আন্তৰিক সহযোগিতা,সজাগতা আৰু সুৰক্ষা কামনা কৰে৷