শিক্ষামন্ত্রী ৰণোজ পেগুৱে আজি বামুনীমৈদামস্থিত SEBA ৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰা হয়।
সংবাদ মেলত শিক্ষামন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি ঘোষণা কৰে। তেওঁ কয় যে
৩১ জুলাইৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।
ফলাফল ঘোষণাৰ ক্ষেত্ৰত নৱম শ্রেণী আৰু দশম শ্ৰেণী উভয়ৰে ফলাফলৰ পৰা লোৱা হ’ব ৪০শতাংশকৈ নম্বৰ।
বাকী ২০ শতাংশ নম্বৰ লোৱা হ’ব বিদ্যালয়ৰ উপস্থিতি আৰু অন্যান্যৰ পৰা।
ইফালে যদিহে দশম শ্রেণীৰ নম্বৰ নাথাকে তেনেহ’লে নৱম শ্রেণীৰ পৰা লোৱা হ’ব ৭০ শতাংশ নম্বৰ।
বাকী ৩০ শতাংশ নম্বৰ লোৱা হ’ব অন্যান্য ফলাফলৰ পৰা।
বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ ক্ষেত্রত বিদ্যালয়ে দিব নম্বৰ।
তেওঁ কয় যে উচ্চতৰ মাধ্যমিকৰ বাবে ৪ টা বিভাগৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে।
‘উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ৩ বিষয়ৰ পৰা লোৱা হ’ব ৫০ শতাংশ নম্বৰ।
কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে।
উচ্চতৰ মাধ্যমিকৰ ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ’ব ১০ শতাংশ নম্বৰ।
ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ’ব ৩০ শতাংশ নম্বৰ।
কলা-বাণিজ্যৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰসকলৰ বাবে লোৱা হ’ব সুকীয়া পদ্ধতি।
যিসকলৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে ২টা বছৰৰ শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ’ব ৪০ শতাংশ নম্বৰ।
আনহাতে উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্রিংচন নম্বৰ।
আনহাতে এই মূল্যায়ন পদ্ধতিত সন্তুষ্ট নহ’লে ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব পাৰিব।
১৫ ছেপ্তেম্বৰৰ ভিতৰত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে হ’ব বিশেষ পৰীক্ষা।
এই পৰীক্ষাত বহিবলৈ ছাত্র-ছাত্রীয়ে আবেদন কৰিব লাগিব। আবেদনৰ ভিত্তিতে হ’ব এই পৰীক্ষা।
সকলো বিদ্যালয়তে আছে আভ্যন্তৰীণ মূল্যায়ণৰ নম্বৰ।
অৱশ্যেই চৰকাৰী সংস্থাপন লাভৰ ক্ষেত্ৰত এইবাৰ উত্তীৰ্ণ সকলক বিশেষ দৃষ্টিৰে চোৱা হ’ব।এই বৰ্ষৰ শিক্ষাৰ্থীসকলে টেটৰ বাবে বিশেষ পৰীক্ষাত বহিব লাগিব।
অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনুৰূপ নিয়ম বাহাল থাকিব।
ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ এই বৰ্ষৰ শিক্ষাৰ্থীয়ে বহিব লাগিব বিশেষ পৰীক্ষাত।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমকিৰ শিক্ষাৰ নম্বৰ প্রয়োজন হোৱা নিযুক্তিত বহিব লাগিব এই বিশেষ পৰীক্ষাত।
ভবিষ্যতে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এতিয়াই কৰিব পাৰিব আবেদন।