শনিবাৰে বিয়লি মহানগৰীৰ পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পাণ্ডুৰ আনন্দনগৰত থকা গকুল ভিল্লা নামৰ এপাৰ্টমেণ্টৰ তলৰ মহলাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
গ্ৰ’চাৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা জমা কৰি থোৱা বৃহৎ পৰিমাণৰ কাৰ্টনত হঠাৎ জুইৰ সূত্ৰপাত ঘটে। ফলত অঞ্চলটোৰ চৌপাশে ক’লা ধোঁৱাই ছানি ধৰে। ঘটনাস্থলীত উপস্থিত হয় পাণ্ডু জৰুৰী সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক। অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। উল্লেখ্য যে, ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ হেমাহিৰ বাবে এই ঘটনা হোৱাৰ অভিযোগ আনিছে এপাৰ্টমেণ্টৰ আৱাসীসকলে। প্ৰতিষ্ঠানখনে দীৰ্ঘদিন ধৰি নীতিবহিৰ্ভুতভাৱে বৃহৎ মাত্ৰাত কাৰ্টন জমা কৰি অহা বুলিও একাংশ আৱাসীয়ে অভিযোগ উত্থাপন কৰিছে।