মানৱ উন্নয়ন সম্বন্ধত অলপতে প্ৰকাশ পোৱা এখন প্ৰতিবেদনে ভাৰতৰ উন্নয়নৰ ফুপুলা স্বৰূপটোহে যেন প্ৰকাশ কৰিলে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী চমুকৈ UNDPয়ে প্ৰকাশ কৰা এখন প্ৰতিবেদন অনুসৰি বিশ্বৰ ১৯১ খন দেশৰ ভিতৰত মানৱ উন্নয়ন সূচকত ভাৰতে লাভ কৰিছে ১৩২ সংখ্যক স্থান। এই প্ৰতিবেদনে স্পষ্ট কৰিলে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰত কিমান পিছুৱাই গৈছে।
উল্লেখ্য যে ২০২০ চনত প্ৰকাশিত এনে এক প্ৰতিবেদনত ভাৰত ১৮৯ খন দেশৰ ভিতৰত আছিল ১৩১ সংখ্যক স্থানত। সেইবাৰ ভাৰতৰ সূচক আছিল ০.৬৪৫। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি মানৱ উন্নয়নসূচকত ভাৰতৰ সূচক হৈছে ০.৬৩৩। অৰ্থাৎ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰত আছে মধ্যম শ্ৰেণীত।
ভাৰতৰ প্ৰত্যাশিত স্কুলীয়া শিক্ষাৰ গড় বয়স হৈছে ৬.৭ বছৰ। উল্লেখ্য যে মানৱ উন্নয়ন হৈছে এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ৩২ বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত মানৱ উন্নয়ন স্তব্ধ হৈ পৰিছে। “ভাৰতে বিশ্বতকৈ পুৰুষ আৰু মহিলাৰ মাজত মানৱ বিকাশৰ ব্যৱধান দ্ৰুতগতিত দূৰ কৰিছে। এই বিকাশ পৰিৱেশৰ বাবে কম খৰচত আহিছে। ভাৰতৰ বিকাশৰ কাহিনীয়ে সামগ্ৰিক বিকাশ, সামাজিক সুৰক্ষা, লিংগ-প্ৰতিক্ৰিয়াশীল নীতিত দেশৰ বিনিয়োগ প্ৰতিফলিত কৰে।” ভাৰতৰ ইউ এন ডি পি আৱাসিক প্ৰতিনিধি শোকা নোডাই এইদৰে কয়।