মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা দেবেন্দ্ৰ ফৰণ’বিছ নতুন বিবাদত সাঙোৰ খাইছে।
কংগ্ৰেছৰ ৰাজ্যিক গোটে টুইট কৰি দাবী কৰে যে দেবেন্দ্ৰ ফাড়নাভিছৰ ভতিজাই ক’ৰোনাৰ ভেকচিন গ্ৰহণ কৰে, কিন্তু তেওঁৰ বয়স ৪৫ বছৰতকৈ কম।
কংগ্ৰেছে টুইটাৰত ফাড়নাভিছৰ ভতিজাই ভেকচিন গ্ৰহণ কৰাৰ ফটোও পোষ্ট কৰিছে।
কংগ্ৰেছে সুধিলে যে,
যদি ফাড়নাভিছৰ ভতিজাৰ ৪৫ বছৰ নহয় তেন্তে তেওঁ ভেকচিন কেনেকৈ পাব?
Dear @Dev_Fadnavis, is your Nephew Tanmay Fadnavis 45+ years old?
If not, how is he eligible for taking the Vaccine?
Just like Remdesivir, are you hoarding Vaccines & giving it to your family members?
People are dying. There is Vaccine Shortage. But Fadnavis family is Safe. pic.twitter.com/6vjwIqNuEI
— Srivatsa (@srivatsayb) April 19, 2021
কংগ্ৰেছে টুইট কৰি কি ক’লে?
কংগ্ৰেছে ক’লে, ‘’মোদী চৰকাৰে ৪৫ বছৰ ঊৰ্ধৰ লোকসকলেহে টীকাকৰণ কৰোৱাৰ চৰ্ত ৰাখিছে।
এনে পৰিস্থিতিত ৪৫ বছৰ তলৰ বয়সৰ ফাড়নাভিছৰ ভতিজাৰ কেনেদৰে টীকাকৰণ হ’ব পাৰে?
বিজেপি নেতাসকলৰ জীৱন গুৰুত্বপূৰ্ণ।
সাধাৰণ জনতাৰ জীৱনৰ মূল্য নাই?’’
४५ वर्षांवरील लोकांनाच लस देण्याची अट मोदी सरकारने घातलीये. असं असताना फडणवीसांच्या ४५ वर्षांपेक्षा कमी वय असलेल्या पुतण्याला लस मिळतेच कशी?
भाजप नेत्यांच्या कुटुंबीयांचा जीव महत्त्वाचा मग इतर लोक काय किडेमुंग्या आहेत का? त्यांच्या जिवाची काहीच किंमत नाही का! pic.twitter.com/oN49h5xiiC
— Maharashtra Congress (@INCMaharashtra) April 19, 2021
প্ৰথমটো পালি মুম্বাইত আৰু দ্বিতীয় পালি নাগপুৰত- কংগ্ৰেছ
কংগ্ৰেছ নেতাসকলে ক’লে যে, এই ফটোখন দেবেন্দ্ৰ ফাড়নাভিছৰ ভতিজা তন্ময়ৰ হয়।
তন্ময়ে এই ফটোখন নাগপুৰৰ নেচনেল কেঞ্চাৰ ইনষ্টিটিউটত ক’ৰোনা ভেকচিন লোৱাৰ পিছত নিজে ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল।
কংগ্ৰেছে এইটো দাবী কৰিছে যে, তন্ময়ে টীকাৰ প্ৰথমটো পালি মুম্বাই আৰু দ্বিতীয়টো পালি নাগপুৰত লৈছে।
Photo: Twitter