ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (CCRT) ৰ পৰা ধীমান গোস্বামীয়ে ২০২৩-২০২৪ বৰ্ষৰ বৰগীত শিক্ষাৰ প্ৰতিভা সন্ধানী জলপানি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ধীমানে বৰ্ত্তমান গুৰু চন্দামিতা ঠাকুৰীয়াৰ অধীনত অধিনত বৰগীতৰ শিক্ষা গ্ৰহণ কৰি আছে ৷
বৰ্তমান গুৱাহাটীৰ বৰসজাইস্থিত মহৰ্ষি বিদ্যা মন্দিৰ স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত ধীমান গোস্বামী গুৱাহাটীৰ লালুংগাওঁ নিবাসী সঞ্জীৱ গোস্বামী আৰু বিনু গোস্বামীৰ পুত্ৰ ৷